Overblog
Edit post Follow this blog Administration + Create my blog

2018-07-27T23:56:40+02:00

কেৰিয়াৰ হিচাপে, মীন বিজ্ঞানৰ পাঠ্যক্রম

Posted by Leelakanta Payeng
কেৰিয়াৰ হিচাপে, মীন বিজ্ঞানৰ পাঠ্যক্রম

      বর্তমান প্রতিযোগীতাৰ যুগ, কেৰিয়াৰৰ যুগ। বর্তমান বিজ্ঞান আৰু আধুনিক প্রযুক্তিবিদ্যাৰ যুগ। যিদৰে বিজ্ঞানে অগ্রগতি লাভ কৰিছে ঠিক তেনেকৈ বর্তমান ন ন কেৰিয়াৰ সৃষ্টি হৈছে। আচলতে ভাল পাঠ্যক্রম এটা বাছনি কৰি পঢ়িলে ভৱিষ্যতলৈ চিন্তা নাইকিয়া হৈ পৰে। বর্তমান সময়ত মেট্রিক আৰু উচ্চতৰ মাধ্যমিক পাছ কৰাৰ পাছতেই সকলোৱে ভাল পাঠ্যক্রম এটি বাচি লয়। ভাল কেৰিয়াৰৰ বাবে ভাল পাঠ্যক্রম এটি নির্বাচন কৰাটো বহু জটিল কামএইয়ে বর্তমান সময়ত বৃত্তি মূলক পাঠ্যক্রমবোৰৰ আকর্ষণৰ কেন্দ্রবিন্দু হৈ পৰিছে। আচলতে বৃত্তি মূলক পাঠ্যক্রম গ্রহণ কৰিলে চৰকাৰী চাকৰি বিচাৰি হাবাথুৰি খাব নালাগে। বর্তমান সময়ত আকর্ষণীয় আৰু জনপ্রিয়তাৰ শীর্ষত থকা এক বৃত্তি মূলক পাঠ্যক্রম হৈছে মীন বিজ্ঞান। মীন বিজ্ঞানৰ পাঠ্যক্রম এতিয়া নতুন হৈ থকা নাই। মীন বিজ্ঞান এক চাৰি বছৰীয়া স্নাতক ডিগ্রীৰ পাঠ্যক্রম। মীন বিজ্ঞানৰ স্নাতক সকলক বি.এফ.এছ.চি (BFSC) বুলি কোৱা হয়। মীন বিজ্ঞানৰ পাঠ্যক্রম পঢ়িবৰ বাবে উচ্চতৰ মাধ্যমিকত বিজ্ঞান শাখাত উত্তীর্ণ হ’ব লাগিব। দেশৰ একত্রিছ খন মীন মহাবিদ্যালয়ত মীন বিজ্ঞানৰ স্নাতক ডিগ্রীৰ পাঠ্যক্রম পঢ়াৰ সুবিধা আছে। দেশৰ শীর্ষত থকা ভাল কলেজত মীন বিজ্ঞানৰ পাঠ্যক্রম পঢ়িবৰ বিচৰা সকল ভাৰতীয় কৃষি অনুসন্ধান পৰিষদে আয়োজন কৰা প্রৱেশিকা পৰীক্ষাত উত্তীর্ণ হ’লে নাম ভর্তিৰ সুযোগ পায়। প্রৱেশিকা পৰীক্ষাৰ বাবে সাধাৰণতে এপ্রিল/মে’ মাহত অনলাইনৰ যোগেদি প্রমাণ পত্র পুৰন হয়। মীন বিজ্ঞানৰ পাঠ্যক্রম পঢ়িবৰ বাবে উত্তৰ-পূর্বাঞ্চলত কেন্দ্রীয় বিশ্ববিদ্যালয়ৰ অন্তর্গত থকা আগৰতলা আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত ৰহাৰ মীন মহাবিদ্যালয় আছে। অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত থকা ৰহাৰ মীন মহাবিদ্যালয়ত মীন বিজ্ঞানৰ পাঠ্যক্রম পঢ়িবৰ বাবে মে’/জুন মাহত অনলাইনৰ যোগেদি প্রমাণ পত্র পুৰন কৰিব লাগে। তাত পঢ়িবৰ বাবে বিশেষ প্রৱেশিকা পৰীক্ষা দিব নালাগে যদিও উচ্চতৰ মাধ্যমিকত বিজ্ঞান শাখাত নিম্নতম কাট অফ নম্বৰ ৭৫ শতাংশ থাকিব লাগিব। ৰহাৰ মীন মহাবিদ্যালয়ত থকা মুঠ আসনৰ সংখ্যা সীমিত। মাথো ২৫ টা।

         মীন বিজ্ঞানৰ স্নাতক ডিগ্রী সমাপ্ত কৰি উচ্চ শিক্ষা লাভ কৰিব বিচৰা ছাত্র-ছাত্রীয়ে স্নাতকোত্তৰ (MFSC) ডিগ্রী ল’ব পাৰে। বর্তমান সময়ত আমাৰ অসমত মীন বিজ্ঞান স্নাতকৰ নিযুক্তিৰ ক্ষেত্রত সোনালী যুগ বুলিব পাৰি।  মীন বিজ্ঞানৰ স্নাতক সমাপ্ত কৰি হাত মুৰে-কপালে দি বহি থাকিব লগা নহয়। মীন বিজ্ঞান পাঠ্যক্রমৰ উত্তীর্ণ ছাত্র-ছাত্রীয়ে চৰকাৰী আৰু বেচৰকাৰী খণ্ডৰ বিভিন্ন বিভাগত বিভিন্ন পদত নিযুক্তি লাভ কৰিব পাৰে। ৰাজ্য চৰকাৰৰ অধীনৰ মীন বিভাগত মীন উন্নয়ন বিষয়া হিচাপে নিযুক্তি লাভ কৰে। তাৰোপৰি পঞ্চায়ত আৰু গ্রাম্যনয়ন বিভাগত মীন সম্প্রসাৰণ বিষয়া হিচাপে নিযুক্তি লাভ কৰি আহিছে। মীন বিজ্ঞানৰ স্নাতক ছাত্র-ছাত্রীয়ে মীন বিজ্ঞানৰ পাঠ্যক্রম লৈ অসম লোকসেৱা আয়োগৰ (অসম প্রশাসনিক সেৱা) অৱতৃীণ হ’ব পাৰে। এগ্রিকালচাৰ টেকনলজি মেনেজমেণ্ট এজেঞ্ছিত সহকাৰী বিষয় কার্যনির্বাহক আৰু খণ্ড বিষয় কার্যনির্বাহক হিচাপে নিযুক্তি পাই আহিছে। বিশ্ব বেঙ্কৰ পৰিচালিত মীন বিভাগৰ বিভিন্ন আঁচনিত কাৰিকৰী বিশেষজ্ঞ হিচাপে নিযুক্তি দি আহিছে। বিভিন্ন ৰাষ্ট্রীয়কৃত তথা প্রাইভেট বেঙ্ক আৰু বীমা খণ্ডৰ কোম্পানবোৰত মীন বিজ্ঞানৰ স্নাতকে বিষয় বিশেষজ্ঞ(মীন) হিচাপে নিযুক্তি লাভ কৰি আছে। ৰাষ্ট্রীয় কৃষি আৰু গ্রামীণ উন্নয়ন বেঙ্ক (NBARD)ত মীন বিশেষজ্ঞ বিষয়া হিচাপে নিযুক্তি লাভ কৰে। মীন বিজ্ঞানৰ স্নাতকে কৃষি বিজ্ঞান কেন্দ্রত প্রগেম এচচিটেণ্ট হিচাপে কাম কৰাৰ সুযোগ পায়। মৎস্যকূল আৰু সংৰক্ষণৰ লগত জড়িত বিভিন্ন এন জি অ’ (NGO) বোৰত মীন বিজ্ঞানৰ স্নাতকক মোটা দৰমহাৰ বিনিময়ত কাম কৰাৰ সুযোগ দিয়ে। ব্যৱসায় আৰম্ভ কৰিব খোজা মীন বিজ্ঞানৰ ছাত্র-ছাত্রীৰ বাবে বিভিন্ন ৰাষ্ট্রীয়কৃত বেঙ্কবোৰে ঋণ আৰু সাহায্য প্রদান কৰে। মীন বিজ্ঞানৰ স্নাতকোত্তৰ (MFSC) ডিগ্রীদাৰীৰ কেৰিয়াৰ আৰু উন্নত। স্নাতকোত্তৰ উত্তীণ হোৱাৰ পাছত ‘নেট’ পাছ কৰি দেশৰ বিভিন্ন অংশত থকা মীন বিজ্ঞান মহাবিদ্যালয়ত সহকাৰী অধ্যাপক হিচাপে যোগদান কৰিব পাৰে। তাৰোপৰি কৃষি বিজ্ঞান কেন্দ্রসমুহত মীন বিষয় বিশেষজ্ঞ হিচাপে নিযুক্তি পাই আহিছে। বিশ্ব মৎস্য কেন্দ্র তথা দেশৰ বিভিন্ন অংশত থকা গবেষণা কেন্দ্র, অনুষ্ঠান-প্রতিষ্ঠান আৰু শিক্ষা্নুষ্ঠান আদিবোৰত স্নাতকোত্তৰ (MFSC) ডিগ্রীদাৰী সকল মীন বিজ্ঞানী আৰু গৱেষক হিচাপে নিযুক্তি পায়। মুঠতে ক’বলৈ গ’লে বর্তমান সময়ত মীন বিজ্ঞানৰ পাঠ্যক্রম কেৰিয়াৰ হিচাপে তেনেই আকর্ষণীয় হৈ পৰিছে।           

See comments

To be informed of the latest articles, subscribe:
comments

Girl Gift Template by Ipietoon - Hosted by Overblog