Overblog
Edit post Follow this blog Administration + Create my blog

2018-07-28T22:25:44+02:00

ক’তনো হেৰালি অ’ ল’ৰালি

Posted by Leelakanta Payeng (লীলাকান্ত পায়েং)

“ মনলৈ উভতি আহে ল’ৰালি

তোৰে মোৰে এটি এটি ধেমালি

............”

   সময় পৰিৱর্তনশীল। সময়ে কাৰো বাবে ৰৈ নাথাকে। তেতিয়াৰ আশী-নব্বৈৰ দশকৰপৰা আজিৰ একৈশ শতিকাৰ স্মার্ট শতিকা। স্মার্ট শতিকা স্মার্ট ল’ৰালিকাল। বিজ্ঞান আৰু আধুনিক প্রযুক্তিবিদ্যাৰ প্রভাৱ ইমানেই পৰিল যে টিভি চেনেল আৰু ইণ্টাৰনেটৰ দুনিয়াত বন্দী হৈ পৰি ৰল ল’ৰালিকাল। তেতিয়া আৰু এতিয়াৰ ল’ৰালিকাল আকাশ-পাতাল প্রভেদ। এতিয়াৰ দৰে আমাৰ ল’ৰালিত উপলব্ধ হোৱা নাছিল মবাইল, ডিভিডি, প্লে’ষ্টেচন, ভিডিঅ’ গেম, পিচি গেম, কেটিএম, পালচাৰ, ইণ্টাৰনেট আদি। স্মার্ট শতিকাত স্মার্ট চিকিৎসক অবিহনে আজিৰ ল’ৰা-ছোৱালী ডাঙৰ-দীঘল হব নোৱাৰে। কিবা সৰু বেমাৰ এটা দেখা পালেই চিকিৎসকৰ ওচৰত দৌৰ মাৰিব লগা হয়। কিন্তু তাহানি আমি দেখোন ডাক্তৰ বুলি কলেই মনলৈ অন্য এক প্রতিচ্ছবিয়ে ভাহি আহিছিল। আমাৰ ল’ৰালিকালত আমি ডাক্তৰৰ ওচৰত যাব লগীয়া হোৱা নাছিল। ওলোটাই আমাৰ বেমাৰ চাবলৈ ডাক্তৰে আহিবলগীয়া হৈছিল। খালী ভৰিৰে ঘুৰি ফুৰিও একো হোৱা নাছিল আমাৰ ভৰিত। মিঠাই, টেতে, জ্বলা, কেহা তিতা একেলগে খাইও আমাৰ মৃত্যু নহল।

অসুখ হোৱাৰ কথা আমি অনুভৱ কৰিব জনাই নাছিলোঁ। আমাৰ ল’ৰালিকালত ভৰিত এতিয়াৰ দৰে দামী দামী সাজ-পোছাক, জোতা-ছেন্দেল পিন্ধিবলৈ সৌভাগ্য ঘটা নাছিল। উৎসৱ বা পুজা-পার্বণ হলেহে বছৰেকত এবাৰে এই দিন আহিছিল। আমাৰ ল’ৰালি কাল সঁচাই বেলেগ আছিল। এতিয়াৰ দৰে উপলব্ধ হোৱা নাছিল কলগেটৰ ঢুটপেষ্ট আৰু ব্রাছ। দাঁত ব্রাছ কৰাটো আমাৰ বাবে অতি কষ্টকৰ আছিল। জ্বলি ছাই হোৱা এঙাৰ বা নিমখ আছিল ঢুটপেষ্ট আৰু ব্রাছ।

তথাপিও এতিয়াৰ ল’ৰা-ছোৱালীৰ দৰে পোকে দাঁত খোৱা নাছিল বা বাৰে বাৰে  ডাক্তৰৰ ওচৰত যাব লগীয়া হোৱা নাছিল। আৰু তাহানিৰ বিদ্যালয়ৰ দিনবোৰৰ কথা আজিৰ ল’ৰা-ছোৱালীয়েই কল্পনা কৰিব নোৱাৰিব। মিঠাতেলেৰে চুলি চিপচিপিয়া কৰি বিদ্যালয়লৈ লৰ মাৰিছিলো। কতনো আজিৰ দৰে বিদ্যালয়ত বহিবৰ বাবে ডেস্ক-বেঞ্চ আছিল। আজিৰ দৰে পিঠিত ওলোমাই লোৱা বেগ নাছিল। বিদ্যালয়ত বহিবৰ বাবে ঘৰৰপৰাই মূৰত বস্তা আৰু বুকুত কিতাপ-ফলি লৈ দৌৰ মাৰিছিলোঁ। আমাৰ ছাতিও নাছিল। গতিকে বৰষুণৰ দিনবোৰত বৰষুণৰ পৰা বাচিবলৈ ডাঙৰ ডাঙৰ কচুপাতেৰে জাপি বনাই পিন্ধিছিলো। দিয়কচোন আজিৰ দৰে কিতাপৰ বোজাও নাছিল। আমাৰ কিতাপৰ বোজা কম আছিল। তথাপিও এইবোৰ কিতাপৰ প্রতিটো পৃস্তাই আকর্ষণীয় আছিল। ক’ত যে বিদ্যালয়ত সমনীয়াৰ সৈতে মিলি গাইছিলো- শুৱনি আমাৰ গাঁওখনটি, হলৌ উঠিল টকৌ গছত, এক আছিল বুঢ়া-বুঢ়ী......। ক’ত যে কিমান পাঠ।   

  আমাৰ ল’ৰালিৰ বেছিভাগ সময় পৰিয়াল আৰু সমনীয়াৰ সৈতে কটাইছিলোঁ। আশী-নব্বৈ দশকৰ ল’ৰা-ছোৱালীয়ে যি পৰিৱেশত ডাঙৰ-দীঘল আজিৰ ল’ৰা–ছোৱালীয়েই কল্পনাই কৰিব নোৱাৰে। এতিয়াৰ ল’ৰালি কাল প্রযুক্তিবিদ্যাৰ কোঠালিত। বন্ধ কোঠাৰ মাজত ল’ৰালিৰ সুবাস বিচাৰি ফুৰে। চৌব্বিছ ঘণ্টাই সম্প্রচাৰ হোৱা কার্টুনজাতীয় চেনেল আৰু ৱাটচ এপ, ফেচবুকত ব্যস্ত আজিৰ ল’ৰালি। চোটা ভীম, ডৰেমন, ভিডিঅ’, অনলাইন গেমত বিচাৰি পাই ল’ৰালি কালৰ সুবাস। বন্ধ কোঠালিৰ ল’ৰালি ৰপৰা তেঁওলোক বাহিৰ হব নোখোজে। কিন্তু তাহানি দেখোন মা-দেউতাই আমাক বন্ধ কোঠালিৰ ল’ৰালিলৈ টানি নিলেও আমি যাব খোজা নাছিলো। সমনীয়া লগৰ বন্ধু-বান্ধৱৰ সৈতে খেলা-ধুলাত ইমানেই মচগুল হৈ থাকো যে ঘৰলৈ যোৱাৰ নামে নলৈছিলো। বাকী সময় পাৰ কৰিছলো হাবি-জংগলত গৰু চৰাই, ধাননি পথাৰত লেছেৰি বুটুলি। এই সময়ৰ দুর্গম হাবি-বননিৰ মাজেৰে পাৰ হওতে আমাৰ কোনো ধৰণৰ ভয় নাছিল। নদী, বিল-খালৰ পানী দেখি জাপ মাৰিছিলোঁ, সাঁতুৰি ফুৰিছিলো আৰু বালিঘৰ সাজিছিলোঁ। ধেনু-কাড়, কেটেপা নিজে হাতেৰে সাজি চৰাইৰ পিছে পিছে দৌৰি ফুৰাৰ সুবাস আজিৰ ল’ৰা-ছোৱালীৰ ল’ৰালি কালে বুজি পাবনে। সন্ধিয়া বা আবেলিৰ সময়ত কার্টুনৰ চেনেল চাই সময় অতিবাহিত কৰা নাছিলো। তেতিয়া এতিয়াৰ দৰে কার্টুনৰ চেনেল দূৰৰ কথা, বিজুলী-বাতিয়েই নাছিল। গৰম কালি ফৰিংফুঁটা জোনাকৰ ৰাতি আইতাৰ বিচনীৰ উমাল বতাহ আৰু কোলাৰ পৰশত শুনিছিলো বুঢ়ী আইৰ সাধু। তাহানি এনেদৰে ককা আইতাৰ সাধু কথা শুনিয়েই টোপনি গৈছিলো। আজিৰ ল’ৰা-ছোৱালীৰ কেইজনে বুঢ়ী আইৰ সাধুৰ কথা জানে বা শুনিছে। সত্তৰ-আশী-নব্বৈ দশকত জন্মা প্রজন্মই কেতিয়াবা মনত পৰেনে প্রযুক্তিবিদ্যা অবিহনে কটোৱা আমাৰ ল’ৰালিকাল। ব্যস্তততাৰ মাজতো আপুনিও নিজানত অকলশৰে বহি কেতিয়াবা হেৰাই যোৱা ল’ৰালি কালৰ সুবাস বিচাৰিব মন নাযায় নে? (আমাৰ অসম কাকতত প্রকাশিত)                     

See comments

To be informed of the latest articles, subscribe:
comments

Girl Gift Template by Ipietoon - Hosted by Overblog