Overblog
Edit post Follow this blog Administration + Create my blog

2018-08-06T22:36:57+02:00

দূৰদর্শনত ছিৰিয়েল চোৱাৰ নষ্টালজিয়া

Posted by Leelakanta Payeng (লীলাকান্ত পায়েং)
দূৰদর্শনত ছিৰিয়েল চোৱাৰ নষ্টালজিয়া

              আশী-নব্বৈ দশকৰ দুটা টিভি চেনেলে যি আনন্দ দিছিল আজিৰ ছিৰেয়েল-চিনেমাবোৰে কিয় দিব নোৱাৰে এই আনন্দতাহানিৰ ছিৰিয়েল-চিনেমা চাই পৰিয়ালৰ লগত যি সময় অতিবাহিত আরু আনন্দ লাভ হৈছিল আজিৰ দুশটাকৈ অধিক টিভি চেনেলে কোনোবা পৰিয়ালক আনন্দ কিয় দিব নোৱাৰে? তেতিয়া আছিল মাথো দুটি চেনেল দূৰদর্শন আরু মেট্রো চেনেলপোন প্রথমে এই দুটা চেনেলে পৰিচয় কৰাই দিছিল ছিৰিয়েল। ছিৰিয়েলৰ প্রতি দর্শকক টানি আনিছিল দূৰদর্শন চেনেলে। এতিয়াৰ ছিৰিয়ল আরু তেতিয়াৰ ছিৰিয়েলৰ আকাশ-পাতাল প্রভেদ। আজিৰ ছিৰিয়লৰ কাহিনীবোৰ পৰিয়ালকেন্দ্রিক সংঘাত, মহিলা আরু ছোৱালীৰ মজতে সীমাবদ্ধ কিন্তু তেতিয়াৰ ছিৰিয়েলবোৰ পূৰণি কাহিনী, জনপ্রিয় গল্প-উপন্যাস, সত্য বাস্তৱ ঘটনাৰ আলমত নির্মাণ হৈছিল আরু সেই ছিৰিয়েলবোৰ সরু ল’ৰা-ছোৱালী, ডেকা-গাভরু, বুঢ়া-বুঢ়ীলৈকে সকলোৱে চাব পাৰিছিল। আজিৰ দৰে বিজ্ঞান আরু প্রযুক্তিবিদ্যাৰ উন্নত নাছিল যদিও আজিৰ ছিৰিয়েলবোৰতকৈ তেতিয়াৰ ছিৰিয়েল বেছি উন্নতমানৰ আছিল। আমাৰ অঞ্চলটোত আজিৰদৰে সকলোৰ ঘৰত টিভি নাছিল। গতিকে যাৰ যাৰ ঘৰত টিভি নাছিল সেই সকল মানুহ শনিবাৰ আরু দেওবাৰৰ দিনকেইটাত ওচৰ-চুবুৰীয়াৰ ঘৰলৈ দৌৰ মাৰিছিল।

দেওবাৰৰ ৰামায়ন আরু মহাভাৰত সম্প্রচাৰৰ হোৱাৰ সময়ত ঘৰে ঘৰে ভৰি পৰিছিল। সেই ছিৰিয়েল দুটাৰ আজিৰ কোনো ছিৰিয়েলে জনপ্রিয়তা অর্জন কৰিব নোৱাৰে এইটো সঁচা কথা। কিছুমানৰ ঘৰত ইমানেই মানুহ হৈছিল অৱশেষত উপাই নাইকিয়া হৈ টিভি ঘৰৰ বাহিৰত উলিয়াই দিছিল। কোনো এজন মানুহে ছিৰিয়েলবোৰ মিছ কৰিব বিচাৰা নাছিল কিয়নো সপ্তাহত এবাৰে খণ্ড প্রচাৰ হৈছিল। বিজ্ঞান ইমানো উন্নত হোৱা নাছিল যে আজিৰদৰে ক’তনো দিনে-ৰাতিয়ে তিনি চাৰিবাৰ সম্প্রচাৰ কৰাৰ ব্যৱস্থা আছিল।

আশীৰ দশকতে সেই ছিৰিয়েলবোৰ সম্প্রচাৰ হৈছিল যদিও আমি নব্বৈ-দশকতে সেই ছিৰিয়েলবোৰ উপভোগ কৰিছিলো। সেই সময়ত নিশাৰ ছিৰিয়েলবোৰ নিশা ৮ বজাৰপৰা ১০ বজালৈ সম্প্রচাৰ হৈছিল। শনিবাৰ আরু দেওবাৰৰ দিনৰ ছিৰিয়েলবোৰ ৰাতিপুৱা ৯ বজাৰপৰা ১২ বজালৈ সম্প্রচাৰ হৈছিল। শনিবাৰে দুপৰীয়া “শক্তিমান” চাবৰ বাবে ল’ৰা-ছোৱালী স্কুল যোৱা বন্ধ কৰি দিছিল। আজিৰ ছিৰিয়েলৰদৰে বৰিং নাছিল তেতিয়াৰ ছিৰিয়েলবোৰ। সেই ছিৰিয়েলবোৰত এনে কিছুমান সোৱাদ আছিল যি আজিৰ ছিৰিয়েলবোৰত নাই। আমি সদায়ে উপভোগ কৰিছিলো আৰ কে নাৰায়ণৰ গ্রন্থৰ আধাৰত নির্মিত “মালগুড়ি ডেজ”, আৰক্ষী বিষয়া কিৰণ বেদীৰ জীৱনৰ ওপৰত নির্মিত “উড়ান”, শ্বাহরুখ খানৰ অভিনীত “চার্কছ”, “চন্দ্রকান্ত” আরু “ফৌজী”, দক্ষিণৰ বীৰবলৰ ওপৰত নির্মিত “তেনালীৰামা”, ডিটেক্টভ ছিৰিয়েল “ব্যোমকেশ বক্সী’, ভূত-প্রেতৰ ছিৰিয়েল “আপ বিটি” ইত্যাদি। মাজে মাজে আকৌ চেনেল বেয়া হৈ যায়, কেতিয়াবা টিভিৰ হেণ্টানাডাল বহু সময় মিলাই থাকিব লগা হৈছিল আরু ভিতৰৰপৰা আন কোনোবাই চিক্রৰি দিয়ে আহিছে চেনেল। বিভিন্ন চেনেলত প্রধানকৈ মহিলাৰ সংঘাতক লৈ বহুতো ছিৰিয়েল আছে কিন্তু এই ধাৰণা আহিছিল দূৰদর্শনৰ এখন ছিৰিয়েল “শান্তিঃ এক ঔৰত কী কাহানী”ৰ অভূতপূর্ব জনপ্রিয়তাদেওবাৰৰ ৰাতিপুৱাৰ সময়ত দূৰদর্শনত সম্প্রচাৰ হোৱা গানৰ “ৰংগোলী”য়ে দর্শকৰ মাজত যি জনপ্রিয়তা আছে আজিৰ কোনো এটা সংগীত চেনেলে দিব নোৱাৰে। দূৰদর্শনত দেখুওৱা জাংগল বুক, স্পাইডাৰমেন, কুইজ টাইম, মিকি এণ্ড ডনাল্ড, মিকি মাউজ, বিক্রম বেতাল, বুনিয়াদ আদি ছিৰিয়েলবোৰও সমানেই জনপ্রিয় আছিল

আজিৰ বহু প্রতিস্থাপিত অভিনেতা-অভিনেত্রী অভিনয়ৰ খোজ পেলাইছিল দূৰদর্শনৰ সেই ছিৰিয়েলৰ যোগেদি। তাহানিৰ ছিৰিয়েলৰ কাহানীবোৰ পাৰিবাৰিক, ডিটেকটিভ, বিজ্ঞানভিত্তিক, জীৱনভিত্তিক, শিশুভিত্তিক, ঐতিহাসিক আরু বুৰঞ্জীমূলক কাহিনীৰে পৰিপূর্ণ আছিল। পৰিয়াল, ওচৰ-চুবুৰীয়া সকলো মানুহ একেলগে বহি উপভোগ কৰিব পাৰিছিলো য’ত আজিৰ ছিৰিয়েলে নোৱাৰে। লাহে লাহে বিজ্ঞান আরু প্রযুক্তিবিদ্যা ইমানেই অগ্রগতি লাভ কৰিলে যে ঘৰে ঘৰে কেবোল টিভি আহিল। মানুহবোৰ যান্ত্রিকতাত ভৰি দিলে। সেই সময়ৰ দূৰদর্শনত দেওবাৰে ঘৰে ঘৰে মহাভাৰত, ৰামায়ন চাবলৈ অহা মানুহবোৰ এই সময়ত বিলীন হল। দূৰদর্শন চেনেলৰ কোনো মূল্য নথকা হ’ল আরু মেট্রো চেনেলৰ মৃত্যু ঘটিল। আমাৰ বাবে আশী নব্বৈ-দশকৰ দূৰদর্শন চেনেলতে বিচাৰি পাইছিলো আনন্দৰ বন্যাসঁচাই তাহানিৰ ছিৰিয়েলবোৰ আমাৰ বাবে অতি এক মধুৰ স্মৃতি।  (পূর্বে প্রকাশিত_আমাৰ অসম, অসমীয়া খবৰ)                       

See comments

To be informed of the latest articles, subscribe:
comments

Girl Gift Template by Ipietoon - Hosted by Overblog