Overblog
Edit post Follow this blog Administration + Create my blog

2018-08-08T22:12:28+02:00

এছিয়ান কার্প আৰু ‘দি গ্রেট লেক’ৰ জৈৱ বিচিত্র্য

Posted by Leelakanta Payeng (লীলাকান্ত পায়েং)
এছিয়ান কার্প আৰু ‘দি গ্রেট লেক’ৰ জৈৱ বিচিত্র্য

  

    মিঠা পানীৰ হ্রদ হিচাবে বিখ্যাত আমেৰিকাৰ “দি গ্রেট লেক” বর্তমান সংকটজনক অৱস্থাত   আছে ইয়াৰ মূলতেই জৈৱ বিচিত্র্য বিনাশ হোৱাৰ কাৰণ মাছ শুনি আচৰিত হলেও এয়াই সত্য আমাৰ অসমতো কার্প মাছ বুলি কলে সকলোৱে চিনি পায়এই কার্পসমুহ আমি পালন কৰা ইণ্ডিয়ান মেজৰ কার্প (IMC)তকৈ বেলেগ ইহঁতক এছিয়ান কার্প বুলি জনা যায় এই  এছিয়ান কার্পৰ চাৰিটা প্রজাতি আছে আমাৰ মীন পালক সকলেও ভালকৈ চিনি পায়- চিলভাৰ ,বিগ হেড, গ্রাছ আৰু কলা কার্পএই চাৰিও কার্পক ১৯৭০ চনতে এচিয়াৰপৰা আমেৰিকলৈ আমদানি কৰা হৈছিল ১৯৮০ চনলৈ এইবোৰৰ ইমানেই বাঢ়িল যে এতিয়া এই লেকত মাছ মাৰিব যোৱা মানুহক আক্রমন  আরু আঘাত কৰে এই সময়ত কথাটো কোনেও ভবা নাছিল ইহঁতে ইমানেই ৰাক্ষস যে দিনে ১৫-২০ শতাংশ নিজৰ শৰীৰতকৈ বেছি খায় ই এবাৰ যিকোনো পৰিবেশত প্রবেশ কৰিলে তাক সহজতে বাধা দিব নোৱাৰা হৈ যায় ই পোন প্রথমে খাদ্য আৰু ঠাইৰ বাবে অন্য প্রাণীৰ লগত প্রতিযোগিতা কৰেএই প্রতিয়োগিতাত বেলেগ প্রাণীয়ে সাধাৰনতে এই এছিয়ান কার্পক হরুৱাব নোৱাৰে আরু লাহে লাহে ইহঁতৰ সংখ্যা বাঢ়ি আহে এছিয়ান কার্প ডাঙৰ হৈ আহিলে কোনো অন্য জীৱ জন্তুৱে আক্রমন কৰিব নোৱাৰেএজনী মাইকী এছিয়ান কার্পে এবাৰ প্রজননত -লাখ কণী দিব পাৰে এই কার্প সহজতে মৰি নেজাই আরু অতি সোনকালে পৰিবেশৰ খাদ্য-শৃংখল বিনাশ কৰে বিজ্ঞানীসকলে মত পোষণ কৰিছে যে গ্রেট লেকত এছিয়ান কার্পৰ আবাদী বঢ়াৰ মুল কাৰণ হৈছে যে কার্পবিলাক কম পৰিমাণৰ উঞ্চতাত আরু সর্বাধিক ৪২ ডিগ্রী ছেলচিয়াছ উঞ্চতাতো থাকিব পাৰে দি গ্রেট লেক ইয়াৰ ওচৰৰ নদী উপনদীসমুহৰ লগত সংযোগ আছে বাবে  এছিয়ান কার্পৰ লাগতিয়াল আরু প্রচুৰ পৰিমাণৰ খাদ্য পোৱা যায় এছিয়ান কার্পৰ আবাদী ইমানেই বাঢ়িল যে তাত থকা থলুৱা মাছ আৰু অন্য জীৱ বিলুপ্ত হলবর্তমান গ্রেট লেকত বাহিৰৰপৰা অহা সামুদ্রিক প্রাণীৰ মুল বাসভুমিইয়াক প্রতিৰোধ কৰিবৰ বাবে আমেৰিকা চৰকাৰে নানা পদক্ষেপ লৈছে কিন্তু সফল হব পৰা নাইগ্রেট লেকৰ দাঁতি কাষৰীয়া অঞ্চলৰপৰা এছিয়ান কার্পৰ প্রবেশ কৰিব নোৱাৰাকৈ আমেৰিকা অভিযান্ত্রিক সেনাবাহিনীক চৰকাৰে দায়িত্ব দিছে সেনাবাহিনীও ইয়াৰ প্রবেশ দুৱাৰবোৰত বিজুলীৰ তাৰৰ বেৰ দিছে যদিও কাম দিয়া নাইচৰকাৰে ইয়াৰ নামত বহু কোটি ডলাৰ খৰচ কৰিবলগীয়া হৈছেকিন্তু বাধা দিব পৰা নাই কিন্তু আমাৰ অসমতো এই এছিয়ান কার্প সহজতে ডাঙৰ হোৱা বাবে মীন পালক সকলে প্রতিপালন কৰিছে কিন্তু এই কার্প যিকোনো পৰিবেশত ডাঙৰ হৈ বংশ বৃদ্ধি কৰি জৈৱ বিচিত্র্য ধ্বংস কৰিব পাৰে বহুতো দেশত ইয়াৰ পালন কৰা বন্ধ কৰিছেআমাৰ অসম ৰাজ্যত গ্রেট লেকৰ দৰে জৈৱ  বিচিত্র্য ধ্বংস  নহওক তাক আমি সদায়েই চাব লাগিব যিহেতু আমি প্রকৃতি প্রেমী

(পূর্বে প্রকাশিতঃ প্রথম প্রকাশঃ নিয়মীয়া বার্তা, দ্বিতীয় প্রকাশঃ বিস্ময়)

 

মাছৰ বিচিত্র কথা 

See comments

To be informed of the latest articles, subscribe:
comments

Girl Gift Template by Ipietoon - Hosted by Overblog