Overblog
Edit post Follow this blog Administration + Create my blog

2018-08-01T22:15:47+02:00

এক প্রেম কথা

Posted by Leelakanta Payeng (লীলাকান্ত পায়েং)
এক প্রেম কথা

   যুগলৰ কথা কোনেও নেজানে কেনেকৈ,কৰপৰা আহিছে। কোনেও ভালকৈ নেজানে। কিন্তু কলেজৰ সকলো ল’ৰা-ছোৱালীৰ মুখে মুখে। কলেজত যুগলৰ নাম আছে। ইয়াৰ মূল কাৰণ হৈছে প্রবন্ধকে ধৰি গল্প, উপন্যাস, কবিতা ভাল লিখে। বিশেষকৈ  তাৰ গহীন গম্ভীৰ স্বভাৱত সুধিবৈল কাৰো সাহস নাই। সি অকলশৰীয়াকৈ থাকে পুৰনা বিল্ডিং এটাত মানে কীলাৰ বিল্ডিংএটি পৰিত্যত্ব ঘৰ। শুনামতে ঘৰটো এজন প্রফেচশ্বনেল কীলাৰৰ ঘৰ আছিল। কালচক্রত এদিন কীলাৰজন ধৰা পৰে আরু পুলিছৰ হাতত নিহত হয়। ঘৰতো হৈ পৰে সকলোৰ বাবে “কীলাৰ বিল্ডিং” যুগল তালৈ অহাৰ আগলৈকে বিল্ডিংটোত যাবলৈ মানুহে ভয় কৰিছিল। যুগলে তাত থকাটো কোনেও বেয়া নেপালে বৰঞ্চ সকলোৱে মনে মনে ভালেই পালে। ঘৰটোৰ সন্মুখদি যাবলৈ সকলোৱে যে সাহস পালে।

            যুগল, তপন, কনোজ, ৰাজা, নেত্র, ৰমেন, ভৃগু, বিৰাজ আটাইকেইজন কৃষ্ণচুড়াজোপাৰ তলতে জুম বান্ধি ৰৈ আছে নৱাগতবোৰ চাবলৈ বাইকৰ আইনাখনত এখন হাতেৰে মুৰৰ চুলিকেইডাল ফনীয়াই থকা যুগলে নিজকে আক্ষেপ কৰি কলে-“এই বগা চুলি আরু দাড়ি কেইডাল লাইফটো আধাতে সমাপ্ত কৰিব যেন পাইছো কনোজে যুগলৰ কথা শুনি কনোজে হাঁহি হাঁহি কলে-“আৰে ভাই, তোমাৰ চুলি-দাড়ি মাত্র পকিবলৈ আৰম্ভ হৈছেহে। মোৰ সেই দিন কেতিয়াবাই পাৰ হৈ গল। মুৰৰ অকল আগফালে টখলা হোৱা নাই,পিছফালেও নাইকিয়া হল। ঘৰৰ ওচৰৰ সরু ল’ৰা-ছোৱালীবোৰ টখলা দাদা আহিছে বুলি জোকাবলৈ ধৰে। গাড়ীত কেতিয়াবা যাত্রাত লগ পোৱা ২২-২৫ ছোৱালীবোৰ খুৰা বুলি সম্বোধন কৰে। তাকো মোৰ সমবয়সীয়া। ইয়াতকৈ আরু বেদনা লাগেনে? ইফালে তাৰ দুডাল মান চুলি পকি যাওতে তাৰ ইমান চিন্তা। মোৰ দৰে টখলা হোৱাহেতেন তই চাগে কেতিয়াবা আত্মহত্যা কৰিলিহেতেন”কনোজৰ কথা শুনি সকলোৰ হাঁহি উঠিল। দুই-এজনীকৈ ছোৱালীবোৰ অহা হৈছে। বৰ জাক-জমকাতাৰে কেইজনী মানে আহি থকা দেখি নেত্রই কলে-“তপন, তুমি কৰি দিয়া নেকি আৰম্ভনিতোছোৱালী কেইজনী এখোজ-দুখোজকৈ ইহঁতৰ মাজেদি পাৰ হবলৈ ধৰোতে তপনে ৰোমান্তিকতাৰে  মাত লগালে “মাইনাকেইজনী তেজপুৰৰ যেন পাইছো। বৰ ধুনীয়া চেহেৰা পাতি নহয় মাইনাহঁত” নাই  নাই নোৱাৰি নোৱাৰি তেজপুৰৰ ছোৱালী,-বিৰাজে চিঞৰ লগালে। “কিয় নোৱাৰি?”-আটাইকেইজন কৌতূহলৰে সুধিলে ৰমেনে তেনেতে মাত লগালে-“তাত আছে নহয় আচল বস্তুটো ,ফগলা ফাটেক। কোনোবা তেজপুৰীয়া ছোৱালীৰ প্রেমত পৰি ‘তেৰে নাম’ৰ ছলমান খানৰ  দৰে প্রেমত পৰি পাগল হৈ পগলা ফাটেকত সোমবৰ মন নাই। গোটেই জীৱন বৰবাদ। ছলমান খানৰ দৰে পগলা ফাটেকৰপৰা ভুমিকা চাওলাক বিচাৰি চিক্রৰিব লাগিব-নিৰজৰা। তেতিয়ালকৈ চাগে নিৰজৰাই বেলেগৰ বাইকৰ পিঠিত উঠি প্রেমৰ জুতি লবগৈ তুমি আরু মই পগলা ফাটেকত ইলেক্ট্রিক স্বক খাই থাকিব লাগিব সকলোৱে ৰমেনৰ কথা শুনি হাঁহিত ৰব নোৱাৰা হল।

                বিৰাজে আকৌ চিক্রৰি উঠিল- সৌৱা চোৱা চোৱা, এই ফালে দুজনীমান আহিছে। চিকুন আপী দুজনী কথা বতৰাই নলবৰীয়া যেন পাইছো ৰমেনে চিক্রৰি উঠিল-“এই ভৃগু লগা সুন্দৰ গীতটি অকনমান নাচো মৰমৰ আপী কেইজনীৰ লগত। নলবৰীয়া আপীয়ে বোলে বৰ সুন্দৰ নাচে। আজি সুযোগ পাইছো যেতিয়া নলবৰীয়া আপীৰ লগত নাচিহে এৰিম বহাৰপৰা উঠিয়েই ভৃগুৱে গাবলৈ ধৰিলে-“চিকুন চিকুন আপী মাছ মাৰব’ যাওঁ ভৃগুৰ লগতে কনোজ, নেত্র, ৰাজাই সুৰত সুৰ মিলাই গাব ধৰিলে। ভৃগুৰ নৃত্য দেখি সকলোৰে হাঁহি ৰজনজনাই গল। তপনে চিক্রৰি ধমক দিয়াৰ সুৰত ভৃগুক কলে-“বন্ধু, বন্ধ কৰা এইবোৰ কিয় বন্ধ কৰিম? আজি সুযোগ পাইছো যেতিয়া। তপনে কলে-“নহয়ও ভৃগু, চিকুন চিকুন আপী, এইবোৰ গান গাই থকিলে বেয়া পাব যোৰাহাটৰ লেবেল বাইদেউকেইজনী ইহঁতে আকৌ গুৱাহাটিবাসীক বৰ বেয়া পায়। কাৰণ ইহঁতৰ মতে অসমৰ  ৰাজধানী গুৱাহাটীয়ে কাঢ়ি নিলে” “আহি গল শিৱসাগৰৰ মলা গাভরু”-কনোজে চিঞৰি উঠিল। দেখিছো শিৱসাগৰৰ মলাগাভরুজনী বেছি মদগর্ভি যেন পাইছো ছোৱালীজনী ৰৈ গল। ‘ঐ বিৰাজ ছোৱালীজনী ৰৈ গল দেখোন’-তপনে কলে। বিৰাজে কলে-“ঘোঁৰাৰ পিঠিত উঠি যুদ্ধ কৰোতে কৰোতে বেচেৰোজনী মাটিত খোজ কঢ়াৰ অভ্যাস নাইকিয়া হৈছে,গতিকে চেন্দেল চিঙবই” এতিয়া ঘোঁৰা কৰপৰা আনি দিওঁ কনোজ কলে-“আৰে দেখোন চেন্দল-তেন্দেল একো চিগা নাই, এই ফালে আহিছে। আজি ব্রহ্মপুত্র ওলোটা দিশত বৈ যাব যেন পাইছো। ৰাজাই চিক্রৰি উঠিল-“আজি সকলো শেষ ,আগফালে দিয়া মাৰাথান দিয়া দৌৰ পিছফালে দিব লাগিব যেন পাইছো। প্রথম বর্ষৰ ছোৱালীয়ে সাধাৰণতে ভয়তে চিনিয়ৰক ওলোটাই একো নকয়। লগে লগে সকলো উধাও হল। মাথো থাকি গল যুগল

              

               ছোৱালীজনী গৰজি উঠিল-“যদি পঢ়িবলৈ মন নাই বিশ্ববিদ্যালয়ত নাম লগাও কিয়? মাৰ-বাপেকৰ ধন-পইছা ইমানেই বেছি হৈছে যদি দুখীয়াসকলক সাহয্যা দিয়া, অন্তত উন্নতি হব। ঘোঁৰাৰ পিঠিত উঠাৰ অভ্যাস নাই।” কথাকেইটা কই ছোৱালীজনী আঁতৰি গল। তাত যুগলৰ বাহিৰে কোনো নাছিল। সকলো পলাই পত্রং দিলে। ছোৱালীজনী গুচি যোৱাৰ পিছত আগছি ধৰিলে আরু সুধিলে-“ঐ যুগল, ছোৱালীজনীয়ে কি কলে? যুগল-আপোনাক লগ পাই বহুত ভাল লাগিল। মোৰ নিচিনা ধুনীয়া আরু ভাল লৰা জীৱনত তাই কেতিয়াও লগ পোৱা নাই। মোক ভাল পাব বিচাৰিছে। বগা চুলিকেইডাল তাইৰ বেছি ভাল লাগিছে।  বিয়াৰ প্রস্তাৱ দিছে মোলে মইও বেয়া পোৱা নাই। কিমান বৰলা হৈ থাকিম আরু। গতিকে তাইকে বিয়া পাতিম বুলি কথা দিছো।” যুগলৰ কথাত সকলোৱে বুজি পালে আচলতে ছোৱালীজনীয়ে কি কলে

              আনদিনৰ দৰে এই দিনাও যুগলে নাহৰজোপাৰ তলত বহি আছিল। দুৰত দেখিলে যোৱা কালিৰ ছোৱালীজনী তাৰ ফালে আহি আছে। তাকে দেখি  যুগলে  বহাৰ পৰা উঠি যাব ধৰিলে। লগে লগে ছোৱালী জনীয়ে চিক্রৰিল-“যুগলদা, আপুনি মোক বেয়া নেপাব। যুগলে যাব খুজিও ৰৈ গল। যুগলদা, যোৱা কালি আপোনাক মিছাতে গালি পাৰিলো। আপোনাৰ লগৰ কেইজনহে জোকাইছিল। তাৰ বাবে আপোনাৰ ওচৰত ক্ষমা বিচাৰিছো সকলোৰ মুখত শুনিছো আপুনি এজন খুব ভাল ছাত্র  আপুনি বোলে ধুনীয়া কবিতা লিখে বোলে। মই হলে কবিতা পঢ়ি বহুত ভাল পাওঁ পিছে আপুনি মোৰ নাম সুধাই নাই যে। তোমাৰ চিনাকি দিয়াৰ প্রয়োজন নাই। তোমাক সকলোৱে চিনি পায়, ধনীৰ দুলাল ষ্টীল কোম্পানিৰ  মালিক সুব্রত হাজৰিকাৰ একমাত্র জীয়ৰী পৰ হাজৰিকা। পিছে তোমাৰ লগত চিনাকি হোৱাৰ মোৰ কোনো ৰাপ নাই। মই সকলো ধনীক শ্রেনীৰ  মানুহক ঘিন কৰো। পুৰণি কালৰপৰাই ধনী শ্রেনীৰ মানুহে সাধাৰ মানুহক শোষন-অত্যাচাৰ কৰি আহিছে।“তাতে কি হল?”-পৰীয়ে কলে োৰ দেউতাই ধনী, মই নহয় োক বেয়া পাইছা কিয়? শেষত উপাই নাই যুগল কলে-মই তোমাক অকনো বেয়া পোৱা নাই তেতিয়া হলে মোৰ লগত কেন্টিনলৈ যাব লাগিব, চাহ একাপ খাবলৈ কিন্তু আপুনি না কৰিব নোৱাৰিব, নহলে বুজি পাম আপুনি মোক এতিয়াও ক্ষমা কৰা নাই। দুয়ো  মন্তৰ গতিৰে কেন্টিনৰ ফালে আগবাঢ়িল।

              

           আজি দুমাহ পাৰ নহওঁতে ছোৱালীজনী যুগলৰ ইমান কাষ চাপিল। যুগল সপোনতো ভবা নাছিল জীৱনত কেতিয়াবা কোনবা ছোৱালীক ভাল লাগিব। বিৰাজ, নেত্র, ৰাজা, সকলোৱে জোকাবলৈ ধৰিলে-চাবি যুগল, কেতিয়া কত কি হয় ঠিক নাই, তাতে ধনীৰ দুলালৰ জীয়েক এইবোৰ চিন্তা কৰি থাকোতে কোন পলকত  পৰী আহি  থিয় দিলেহি যুগল গমকে নেপালে। আহি পাই মাত লগালে-“ যুগলদা কি চিন্তা কৰিছে?” নাই, এনেয়ে অলপ বহিছো। ভাবিছো অলপ জীৱনৰ বিষয়ে, কত আৰম্ভ হৈছিল আরু কত অন্ত পৰিব। বাদ দিয়ক আপোনাৰ চিন্তা, অকল আপুনি কল্পনা জগতত  ঘূৰি থাকে যেন পাইছো। মই আপোনাক কথা এটা কবলৈ আহিছো। কি কথা আছে কোৱা আকৌ। এনেকে কব নোৱাৰি, সৌ তালৈ বলা। তাতে কম। ঠিক আছে বলা দুয়ো কলেজৰ চাৰিআলিত থকা কুঁৱেলিখা নামৰ ৰেস্তুৰেন্টত সোমাল। চোকৰ টেবুল এটাত দুয়ো বহি এতিয়া কোৱা কি কব খুজিছিলা তুমিুগলদা ,আপোনাক মই ভাল পাই পেলাইছো। মোৰ ভাল পোৱাক আপুনি সন্মান জনাবনে? পৰী তুমি কি অদৰকাৰী কথাবোৰ কৈছা। তাৰ মানে আপুনি মোৰ ভালপোৱাক গুরুত্ব দিব খোজা নাই। পৰী, তুমি ভুল বুজিছা। মোৰ কথাবোৰ তুমি বুজি পোৱা নাই। যাৰ জীৱনৰ কোনো ঠিকনা নাই তেনেকুৱা লৰা এটাৰ লগত তুমি কিয় ভাল পোৱাৰ সপোন দেখিছা। তাতোকৈ ডাঙৰ কথা হল তোমাৰ আরু মোৰ পৃথিৱী বেলেগ। তুমি কথাবোৰ আৱেগত কৈছা। আপুনি এই বোৰ কথা বাদ দিয়ক, মোৰ প্রশ্নৰ উত্তৰ দিয়ক। পৰী তোমাৰ দৰে ছোৱালী সকলোৱে বিছাৰে। কিন্তু মোৰ আরু তোমাৰ আকাশ-পাতাল প্রভেদ। মই কোৱা নাই যে তোমাক পছন্দ নকৰোমইও জীৱনতো আৰম্ভ কৰিব বিছাৰো নুতনকৈ, কিন্তু ইয়াত বহুত বাধা-বিঘিনি আছে। তাৰমানে আপুনি কব খোজে যে আপুনি জীৱনতো ভয় কৰে, মৃত্যূলৈ ভয় কৰেনাই তুমি যি ভাবিছা ঠিক তেনেকুৱা নহয়। যাৰ জীৱনৰ আৰম্ভনি নাই, তাৰ মৃত্যলৈ কেনে ভয়। বাদ দিয়ক আপোনাৰ মৰেল লেকছাৰ। পৰী মোক কেইদিন মান সময় দিয়া। তোমাক সকলো কম। এতিয়া কই দিয়া। যুগলে মনতে ভাবিলে কথাবোৰ যে তুমি ভবাৰ দৰে ইমান সহজ নাছিল। মোৰ জীবনৰ ৰীয়েল জানিলে যে তুমি ঘিন কৰিবা। যুগলদা কি ভাবি আছে? আহক  ক্লাছ আছে নহয় আপোনাৰ পৰীয়ে মাত দিওতে যুগল বহাৰপৰা উঠিল।              নিশা ১১.৩০ বাজিছে। বাৰে বাৰে পৰীয়ে কোৱা কথাবোৰ মনত দোলা দি থাকিল কিন্তু কেনেকৈ নিজৰ জীৱনৰ কথাবোৰ কোৱা যায়। নিজৰ মুখেৰে কোৱাৰ সাহস একদম নাছিল।  চিঠিৰ জৰিয়তে জনাওঁ বুলি  লিখিবলৈ  আৰম্ভ কৰিলে।

“মৰমৰ,

     পৰী,

        তোমাক লগ পোৱাৰ পিছত জীৱনতো নতুনকৈ বুজিব লৈছো।আজি এই চিঠিৰ  জৰিয়তে তোমাক সকলো কম।মুখে মুখে কবলৈ সাহস নহলে বাবে চিঠিৰে  জনাইছো। মই এজন অপহৰণকাৰী দলৰ সদস্য আমাৰ দল এটা আছে আরু মই তেঁওলোকৰ হৈ কাম কৰো বিনিময়ত তেওঁলোকে মোক মোটা অংকৰ ধন দিয়ে আরু তাৰে মোৰ গোটেই খৰচ চলি যায়। মই যে তোমাক কইছিলো মোৰ জীৱনৰ আদি-অন্ত নাই, তেনেকুৱা লৰা এটা ভাল পাই তুমি কি কৰিবা? এইবোৰ জনাৰ পিছত তুমি মোক ভালপাওঁ বুলি কোৱা তেন্তে মই সকলো এৰি তুমি আরু মই বহু দুৰলৈ গুচি যাম। মোক কোৱা পৰী, তুমি পাৰিবা নে মোক ভালপাব?”

                                                মৰমৰে

                                                            যুগল

          “কাম কিমান আগবাঢ়িল?”–যুগল উচপ খাই উঠিল। বছ ,আপুনি কেতিয়া আহিলে। বছে ধমক দি কলে–এইবোৰ বাদ দিয়া, প্রথমতে মই যি সুধিছো এই প্রশ্নৰ উওৰ দিয়া। তোক যি কাম দিছো তাক নকৰি তই দেখোন পাৰ আরু দেৱদাসৰ কাহিনী ৰছি আছ দেখোন। তামাম চিঠি বে, তই কেতিয়াৰ পৰা খলনায়কৰ পৰা  দেৱদাস হলি বে? তোক আজি ছোৱালী জনী আনিব কৈছিলো নহয়। তই ইমান সাধ কামতো ইমান দিন লাগে তোক এইখন কলেজত পঢ়িবলৈ নাম ভর্তি কৰিছো নেকি বে? মোৰ এবছৰীয়া প্লেনিং পানীত নেপেলাবা মইনা। তোৰ মতলব কি? বুজাই কবি নেকি। ইমান দিন মোৰ তলত কাম কৰি আহিছ ফুটপাথ’ৰ লেতেৰা আৱর্জনাৰ ভিতৰত তোক কোনোবাই পেলাই থৈছিল। মই তোক বুটলি আনি ডাঙৰ কৰিছো। গতিকে বছৰ আদেশ পালন নকৰিলে কি হব পাৰে জানি লোৱা ুগলে কও-নকওকৈ কই পেলালে বছ মই ছোৱালী জনী অপহৰণ কৰাত সহায় কৰিব নোৱাৰো ছোৱালী জনীক মই ভালপাই পেলাইছো। যুগলৰ কথা শুনি বছৰ মূৰ গৰম হৈ গল। নমক হাৰাম, খাই পাত ফলা। তই কি কৈছ? প্রেম হৈছে। লগে লগে মানুহজনে বন্দুকৰ নলীৰে দিলে আঘাত। নিজকে ৰোমান্টিক ফিল্মৰ শ্বাহরুক খান বুলি বুলি ভাবিছ নেকি। যুগলে এক খুন্দাত সৰি পৰিল। ৰাধাৰ কানাই হৈ বাঁহী বজাবি। লগে লগে মানুহজনৰ লগত অহা গার্ড এজনে যুগলৰ পেটত ঘূচা মাৰিলে। বছে সুধিলে-এতিয়া কোৱা, ছোৱালীজনী অপহৰণ কৰাত সহায় কৰিবি নে নাই? মোৰ এক কোটি টকা পানীত পেলাই নিদিবা ভাইটি। যুগলে শেহাই শেহাই কলে-বছ, মই নোৱাৰিম, মই তাইক সঁচাকৈ ভালপাই পেলাইছো বছৰ খং চুলিৰ আগ পালেগৈ। কুকুৰৰ পোৱালী, আৱাৰাপন নায়ক ইমৰান হাছমি হব আহিছ। তই জান নে নাই আমাৰ এই ব্যৱসায়ত প্রেমৰ কোনো ঠাই নাই। আগতেও তোক বুজাই আহিছো নে কেতিয়াও ছোৱালীৰ প্রেমত দুর্বল হৈ নপৰিবি। লগে লগে আকৌ দিলে খুন্দা। যুগল উপৰি টেবুলৰ ওচৰত পৰি গল। এই বাৰ যুগল থমকি নৰল। পকেটত থকা পিষ্টল উলিয়াই দিলে গুলী মাৰি বছৰ ফালে। বছ জপিয়াই লুকাই পৰিল। গুলী বছৰ গাত নেলাগি গার্ডজনৰ গাত লাগিল। মানুজন জেগাতে পৰি গল, আনজন গার্ডে পিস্তল টোৱালে যুগলৰ ফালেগুলী লাগিল যগল বাও কান্দত আরু ভৰিত  লেঙেৰা লেঙেৰা টেবুলৰ তলত লুকাল লুকাই থকা ঠাইৰপৰা যুগলে গুলী কৰিব লওঁতে দেখিলে গুলী নাই। যুগলে থমকি নৰৈ দিলে জপিয়াই মানুহজনৰ ওপৰত। দুয়ো মজিয়াত বাগৰি পৰিল। তেনেতে যুগলৰ মুৰদি বন্দুকৰ গুলীয়ে চুই গল লগে লগে যুগল ঢলি পৰিল ইয়াতে ক্ষান্ত নাথকি বছে বন্দুকৰ নলীৰে দুই-তিনি বাৰ মুৰত আঘাত কৰিলে। নিজান ৰাতিত দুই-এটা চৰাইৰ কীৰিলিৰ বাদে কতো সাৰ সুৰ নাছিল মাথো থাকি গল যুগলৰ অৱশ শৰীৰটো

           ডাক্তৰে–এতিয়ালৈকে একো কব পৰা নাই। বিৰাজ, নেত্র, তপন, কনোজ, ৰমেন, ভৃগু সকলোৰ চকুত যুগলৰ দুখত দুখী। চৰিওফালে উচুপনি বিৰাজে পকেটৰপৰা চিঠি এখন পৰীক দিলে। চিঠিখন মেলো-নেমেলোকৈ অনিচ্ছাসত্বেও পঢ়িবলৈ ধৰিলে। আধা পঢ়ি পৰীয়ে চিঠিখন ফালি দলিয়াই দিলে। ডাক্তৰে অপাৰেশ্বন কোঠালিৰপৰা ওলাই আহিল। বিৰাজে লগে লগে ডাক্তৰৰ ওচৰলৈ লৰ মাৰিলে। যুগলে আগৰ নিচিনা হব নোৱৰে। ই মুৰত বহুত আঘাত পাইছে যে নামতেহে জীয়াই থাকিব পাৰিব। মানে ডাক্তৰ। বিৰাজ তুমি আহাছোন মোৰ চেম্বাৰলৈ মই সকলো বুজাই কম। ডাক্তৰৰ পিছে পিছে বিৰাজ চেম্বাৰত সোমাল চোৱা বিৰাজ, মই বুজি পাইছো তোমালোকৰ দুখ। এনেকুৱা বহুত বেমাৰী ঠিক হৈ আহিছে। যুগলক তালৈ পঠিয়াই দিয়া। কিজানি ভগবানৰ কৃপাত ভাল হৈ আহে। বিৰাজ তুমি বুজি পাইছা ছাগে মই কি কব বিছাৰিছো। ডাক্তৰ মই বুজি পোৱা নাই। শুনা বিৰাজ, তেজপুৰৰ গোপীনাথ বৰদলৈ মেণ্টেচিকিৎসালয়লৈ পঠিয়াই দিয়াৰ কথা কৈছো। তাৰপৰা যুগলৰ নিচিনা বহুত তেনেকুৱা ভাল হৈ আহিছে। মই গম পাইছো তোমাল যুগলক তালৈ পঠিয়াবলৈ বেয়া পাবা। কিন্তু তাৰ বাহিৰে আন একো উপাই নাই। কথা বোৰ ভাবি চোৱা শেষত ডাক্তৰৰ কথামতে যুগলক তেজপুৰলৈ পঠিয়াই দিয়া হল। যুগল গুচি গল। মাথো স্মৃতি হিচাপে ৰৈ গল বিৰাজ, নেত্র, তপন, কনোজ , ৰমেন, ভৃগু, পৰী  তাৰ সপ্তাহৰ পিছত  কলেজ এৰি পৰীয়ে সুদুৰ  দিল্লীলৈ গুচি গল।

               “বিৰাজে কি চিন্তা কৰি আছো?”- ৰাজাৰ মাতত সম্বিৎ ঘুৰি আহিল। কলেজ চাৰিআলিত বহি চিন্তা কৰি থাকোতে কেতিয়ানো আবেলি হল বিৰাজে একোকে গম নেপালে। সেই নিশাৰ আবেলি যুগলে নিজৰ জীৱন কাহিনী কৈছিল বিৰাজসকলো বেয়া কাম এৰি সুখী জীৱন কটাব বিচাৰিছিল। পৰীক মনে প্রানে ভাল পোৱাৰ কথা কৈছিল। বিৰাজৰ আশা যে যুগলৰ এই অসমাপ্তি প্রেম কাহিনীক সমাপ্ত কৰিবলৈ তেজপুৰৰপৰা ভাল হৈ ঘুৰি আহিব। বিৰাজে শুনিবলৈ পালে বরুৱাদাৰ দোকানত যুগলৰ ‘তেৰে নাম’ৰ প্রিয় গীতটি...

                    “ কিউ কিছিকো...

                      খুচি কে বদলে

                   খুচি নেহি মিলতি

                      কিউ কিছকো .........”।।।

 (পূর্বে প্রকাশিতঃ তৃষ্ণাতুৰ) 

   

See comments

To be informed of the latest articles, subscribe:
comments

Girl Gift Template by Ipietoon - Hosted by Overblog