Overblog
Edit post Follow this blog Administration + Create my blog

2018-08-30T12:06:20+02:00

ক’লা ধনৰ আন্দোলন আৰু বিমুদ্রাকৰণৰ ভেল্কীবাজী

Posted by Leelakanta Payeng (লীলাকান্ত পায়েং)
ক’লা ধনৰ আন্দোলন আৰু  বিমুদ্রাকৰণৰ ভেল্কীবাজী

বর্তমান দুর্নীতিৰ ক্ষেত্রত দেশৰ বিভিন্ন ৰাজ্যৰ ভিতৰত লেখত ল’ব লগীয়া ৰাজ্যখনেই হৈছে আমাৰ অসম অসমত বর্তমান খুব কম বিষয়া, বিধায়ক, মন্ত্রী, নেতা-পালিনেতা আছে  যি বুকুত হাত দি গর্বৰে ক’ব পাৰিব যে মই এজন নিকা আৰু সহৎ কর্মচাৰীযি কব পাৰিব মই জীৱনত কাহানিও দুর্নীতি কৰা নাই। আমাৰ শৰীৰত দুর্নীতিৰ ভেজাল তেজ এনেকৈয়ে প্রৱেশ কৰিলে যে এতিয়া পৰিশোধন কৰাটো জটিল হৈ পৰিছে। পিয়ন, কেৰাণী আদি কর্মচাৰীৰ ৰপৰা আৰম্ভ কৰি বিষয়া,মন্ত্রী-আমোলা আদিলৈকে এক লানী নিছিগা এনাজৰী সৃষ্টি হ’লঘোচ লোৱা আৰু দিয়াৰ পৰা কোনেও সাৰি যাব পৰা নাই। আচলতে কেইটা মান পইচা দেখিলে আমাৰ জিভাৰ পানী পৰেএইখন দুর্নীতিৰ ৰোগত আক্রান্ত ৰাজ্যত ঘোচ অবিহনে একো কামেই সিদ্ধ নহয়গতিকে নিজৰ কাম সিদ্ধৰ বাবে উপাই বিহীন হৈ দুর্নীতি পৰায়ন কর্মচাৰীৰৰ হাতত কেইটা মান পইচা তুলি দিওমই আপুনি প্রতিজনে এই একেই পথকে আদৰি লৈছোঁআমাৰ ঘোচ দিয়াৰ বাহিৰে আনবোৰ পথ বন্ধ হৈ পৰাত আমি প্রতিজনে অলপ হ’লেও দুর্নীতিৰ অংশীদাৰ হৈ পৰিছোঁ। এইখন অসমত ঘোচ নিদিলে চৰকাৰী-বেচৰকাৰী কার্য্যলয়, অনুষ্ঠান বা প্রতিষ্ঠানৰ ফাইলৰ কাম লৰচৰ নহয়। ঘোচ নিদিলে চৰকাৰী কাম-কাজ, কাগজ তথা ফাইল টেবলৰ বাকচত আৱদ্ধ হৈ পৰি থাকে। আনকি ঘোচ নিদিলে চৰকাৰী বিষয়াজনও বহু দিনলৈ অফিচত নাথাকে। বর্তমানৰ পৰিস্থিতিয়ে সকলোকে দুর্নীতিৰ অংশীদাৰ হ’বলৈ বাধ্য কৰাইছেযিকোনো এটা কামৰ বাবে টকা লোৱাজন যিমান অপৰাধী দিয়াজনও সমানেই অপৰাধী। সাধাৰণ জনতাৰ হ’কে বিভিন্ন ধৰণৰ কল্যাণমুখী আঁচনি তথা চৰকাৰী সা-সুবিধাবোৰ প্রদান কৰিছে। কিন্তু এইবোৰ আঁচনি বা সা-সুবিধাবোৰ সঠিক ভাবে কেতিয়াও প্রয়োগ নহয়। যাৰ ফলত সাধাৰণ জনতাৰ মাজলৈ নহাৰ আগতেই হঠাৎ মধ্য অংশতেই ভাগ-বিতৰণ হৈ যায় সাধাৰণ নাগৰিকৰ হকে ইমানবোৰ সা-সুবিধা থকা স্বত্তেও ফলত চৰকাৰী সা-সুবিধাবোৰ যাৰ প্রাপ্য সি নাপায়। যিজনে পাব নালাগে অথচ লাহ-বিলাসত সুখ-শান্তিৰে জীয়াই থকাজনে সকলো চৰকাৰী সা-সুবিধা ভোগ কৰিছে। ইয়াৰ বাবে আমি সচৰাচৰ চৰকাৰকে মূল জগৰীয়া কৰোঁ। কিন্তু এইবোৰ ক্ষেত্রত অকল চৰকাৰখনেই দায়ী নহয়। আমি প্রতিজন নাগৰিকেই চৰকাৰৰ সমানেই দায়ী বর্তমান বাতৰি কাকত আৰু নিউজ চেনেলৰ শীর্ষশিৰোনামত থকা বিষয় হৈছে অসম লোকসেৱা আয়োগৰ কেলেংকাৰি প্রতিজন নাগৰিকে ভাবিবলৈ বাধ্য হৈছে যে কংগ্রেছৰ শাসন কালত নিযুক্তিৰ নামত ইমান বছৰে এনেকৈয়ে দুর্নীতি চলি আহিছিলনে। বর্তমান বিজেপি চৰকাৰৰ শাসনত অসম লোকসেৱা আয়োগৰ দ্বাৰা আয়োজিত প্রশাসনিক সেৱাৰ পৰীক্ষাৰ পৰা বিভিন্ন বিভাগৰ পদৰ বাবে হোৱা নিযুক্তি প্রক্রিয়া অনুসন্ধান চলোৱাৰ ফলত নিতৌ নতুন নতুন তথ্য পোহৰলৈ আহিছে পিছে অকল অসম লোকসেৱা আয়োগৰ নিযুক্তি প্রক্রিয়াত দুর্নীতি নির্মূল কৰিলেই দুর্নীতিৰ অন্ত হব বুলি আমাৰ মনে নধৰেশেহতীয়াকৈ বিজেপি চৰকাৰৰ অধীনত হোৱা কেইবাটাও নিযুক্তি প্রক্রিয়াৰ বাছনি পৰীক্ষাত বিশংখলতা আৰু বেমেজালিৰ সৃষ্টি হৈছে। দুর্নীতি নির্মূল হোৱা বুলি মানুহক অসম চৰাৰে অসম লোকসেৱা আয়োগত বেছিকৈ মন দি আহিছে কিন্তু এনে ক্ষেত্রত বাকী ভিন্ন বিভাগৰ ভিন্ন পদৰ বাবে আয়োজিত বাছনি পৰীক্ষাৰ দুর্নীতিত নাকী লগাব পাৰিব জানোগতিকে অসম লোকসেৱা আয়োগৰ দৰে অন্যন্যা বিভাগে নিযুক্তি প্রক্রিয়াটো স্বচ্ছ আৰু নিকা হ’লেহে দুর্নীতিৰ অন্ত পৰিব বুলি আশা কৰিব পাৰি। দোষী সকলক চৰকাৰে কঠোৰতকৈ কঠোৰতম শাস্তি প্রদান কৰিলে মানুহে ঘোচ লবলৈ আৰু দিবলৈ ভয় কৰিব। তেতিয়াহে আমাৰ দৰে ৰাজ্যত দুর্নীতিৰ কলা অধ্যায় সমাপ্ত হ’ব। 

          দেশত আন্না আজাৰেৰ নেতৃত্বত ক’লা ধন আৰু দুর্নীতিৰ বিপেক্ষে প্রথমটো আন্দোলনৰ সৃষ্টি হৈছিল তেখেতৰ নেতৃত্বত দুর্নীতি আৰু ক’লা ধনৰ বিৰেুদ্ধ এক জনজাগৰণৰ সৃষ্টি হৈছিল বুলিব পাৰি দেশৰ বিভিন্ন দল-সংগঠনৰ পৰা আদি কৰি নেতা-পালিনেতা, তথা সমাজ কর্মী আদি সকলোৱে সেই আন্দোলনত অংশগ্রহণ কৰিছিল। পিছে সেই আন্দোলনত ভাগ ল’বলৈ আহি বহুতৰ প্রকৃত স্বৰূপ ওলাই পৰিছিল। আজিৰ পতঞ্জলিৰ মালিক বাবা ৰামদেৱও সেই আন্দোলনত নামি পৰিছিল। কিন্তু নিজৰ ক’লা ধনৰ হিচাপ ধৰা পৰাত লাহে লাহে সেই আন্দোলন ৰপৰা পলায়ন কৰে। আন্না আজাৰেৰ দুর্নীতিৰ সেই আন্দোলনত সংক্রিয় ভাবে যোগদান কৰিছিল অৰবিন্দ্র কেজিৰিয়াল। পাছলৈ অৰবিন্দ্র কেজিৰিয়ালে আম আদমী পার্টী(আপ) নামৰ ৰাজনৈতক দল গঠন কৰি নির্বাচনত জয়ী হৈ দিল্লীৰ মুখ্য মন্ত্রী হ’বলৈ সক্ষম হ’ল। আন্না আজাৰেৰ বাহিৰেও সেই আন্দোলনত যিমান সংখ্যকেই অংশগ্রহণ কৰিছিলি সকলোৰ স্বার্থ জড়িত নিহিত হৈ আছিল। এতিয়াও আন্না আজাৰে অকলে সেই আন্দোলন চলাই গৈছে। পিছে বর্তমান সেই আন্দোলনত অংশগ্রহণ কৰা সকল কোনো ধৰণৰ ৰাজনৈতিক দল বা নির্বাচন খেলিব নোৱাৰিব বুলি আগতীয়াকৈ আন্না আজাৰেৰ দলিল চুক্তিত হস্তাকাৰ কৰাইছে

       বর্তমানৰ শাসিত দলেও আন্না আজাৰেৰ নীতিকে অনুসৰণ কৰি কেন্দ্র আৰু ৰাজ্যত বিজেপি চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিলকাৰণ বিজেপি দলে জনসাধাৰণৰ আৱেগৰ কথাবোৰ বুজি উঠিবলৈ সক্ষম হৈছিলযাৰ ফলত বিজেপি দলে মূল অস্ত্র ৰূপে বাছি লৈছিল দুর্নীতি আৰু ক’লা ধনৰ নির্বাচনী ইচ্ছুনির্বাচনত বিজেপি চৰকাৰ হ’লে দুর্নীতি বন্ধ হ’ব, স্বচ্ছতা আৰু নিকা পদ্ধতিৰে নিযুক্তিকৰণ হ’ব বুলি প্রচাৰ কার্য্য চলাইছিল। বিদেশীৰ ছুইছ বেঙ্কত জমা কৰি থোৱা ভাৰতীয়ৰ ক’লা ধন দেশলৈ ঘুৰাই আনিম বুলি মন্ত্র মাতিছিল’ত যে কিমান প্রতিশ্রুতি দিছিলে তাৰ সঠিক হিচাপ এই লেখকৰ হাতত নাই। কেন্দ্র চৰকাৰে ক’লা ধন দেশলৈ ঘুৰাই আনিম বুলি অকস্মাৎ এটা নিশাৰ ভিতৰতে বিমুদ্রাকৰণৰ নীতি জাৰি কৰিলে। লগে লগে বিমুদ্রাকৰণৰ নামত পাঁচশ-হাজাৰ টকীয়া নোটৰ প্রচলন বন্ধ হ’ল। ইফালে সাধাৰণ নাগৰিকৰ অৱস্থা কাহিল হলকিন্তু বিমুদ্রাকৰণৰ নামত ক’লা ধনৰ ফলাফল একেবাৰে শূন্য আহিলসঁচাই ক’লা ধন দেশলৈ ঘুৰি আহিলনে। কিন্তু ক’লা ধন দেশলৈ উভতি নাহিল। মোদীয় বিদেশৰ ক’লা ধন বিমুদ্রাকৰণ কৰি দেশলৈ আনিব নোৱাৰিলে যদিও সাধাৰণ জনতাই বৰকৈ জীয়াতু ভোগিলে। বিমুদ্রাকৰণৰ নামত চৰকাৰী-বেচৰকাৰী খণ্ডৰ বেংকত কোটি কোটি টকাৰ কেলেংকাৰী চলিল। বিমুদ্রাকৰণৰ ফলত নেতা-পালিনেতা, মন্ত্রী তথা কোটিপতি ব্যৱসায়ীৰ একো পৰিৱর্তন নহ’ল কাৰণ সাধাৰণ জনতাই বিদেশৰ ছুইছ বেংকত ক’লা ধন জমা কৰি ৰখাটো দূৰৰ কথা। আমাৰ সাধাৰণ জনতাৰ খাবলৈকেও এমুঠি অন্নৰ অভাৱ। সাধাৰণতে দেখা যাই যে মোদীয়ে ডাঙৰ ডাঙৰ উদ্যোগপতি বা ব্যৱসায়ীৰ লগত এক ঘনিষ্ট সম্পর্ক বজাই ৰাখে। এইখন দেশত সাধাৰণ মানুহ এজন বেংকৰ ঋণ পৰিশোধ নকৰাকৈ থাকিলে সকলো সা-সম্পত্তি জব্ধ কৰি নিয়েএইখন দেশত কৃষকে বেংকৰ ঋণ পৰিশোধ কৰিব নোৱাৰি নিতৌ আত্মহত্যাৰ নিচিনা কাণ্ড সংঘটিত হৈ থাকে। আকৌ এইখন দেশতে বিজয় মালিয়া, নীৰৱ মোদীৰ নিচিনা মানুহবোৰ হাজাৰ কোটি টকাৰ ঋণ পৰিশোধ নকৰাকৈ মুক্ত ভাবে বিদেশত বিচৰণ কৰি ফুৰিব পাৰে। বিমুদ্রাকৰণৰ নামত বিদেশৰ ছুইজ বেংকত জমা হৈ থকা ক’লা ধন ঘুৰাই আনিম বুলি কোৱা নৰেন্দ্র মোদী চৰকাৰে জনতাক ভেল্কীবাজী মৰাৰ বাহিৰে আন একোৱেই নাছিল। এইয়া বর্তমানৰ প্রকৃত সত্য আৰু বাস্তৱ কথা।।  (পূর্বে প্রকাশিতঃ অসমীয়া খবৰ, দৈনিক গণ অধিকাৰ)       

See comments

To be informed of the latest articles, subscribe:
comments

Girl Gift Template by Ipietoon - Hosted by Overblog