Overblog
Edit post Follow this blog Administration + Create my blog

2018-08-03T22:41:20+02:00

এখন ছুইচাইড নোট

Posted by Leelakanta Payeng (লীলাকান্ত পায়েং)
এখন  ছুইচাইড  নোট

     হয়, এইজন যুৱক মই। ভাড়া ঘৰত যুঁজি যুঁজি হাৰ মানিবলৈ বাধ্য হোৱা এজন বেকাৰ যুৱক। যি আজি নিশা এঘাৰ বজাত আত্মহত্যা কৰিবলৈ সিদান্ত লৈ পেলাইছোএই সিদান্ত মোৰ নিজস্ব। জীৱনক লৈ মোৰ বহু আক্ষেপ আছে। গতিকে আত্মহত্যা কৰাকে উত্তম উপাই বুলি ভাবি লৈছো। জীৱনক লৈ কিমান সহিম আৰু। জীৱনৰপৰা আজি পলাই গুচি যাম য’ত মোক কোনেও মোক বিচাৰি নাপায়। বিষাদ,যন্ত্রনা, দুখ, বেদনা, ব্যর্থতা আদিৰপৰা মুক্ত হ’ম। এইবোৰ বস্তুৱেই হয়তো কাহানিও মোৰ মৃত্যুৰ পাছত চুব নোৱাৰিব। মোৰ জীৱনৰ সুখ-দুখবোৰ গুচাবলৈ অতিকৈ প্রয়োজন হৈ পৰিছে আত্মহত্যা। এইয়া মোৰ শেষ কথা। মোৰ বাবে এইয়া অন্তিম উপায়। কথাষাৰ ভাবি অলপ হাঁহি উঠিল।

          নিসংগতাৰ কোঠালিত প্রবেশ কৰিয়েই আত্মহত্যাৰ বাবে সম্পুন প্রস্ততি চলাইছো। কোঠালিৰ দুৱাৰখন ভিতৰৰপৰা মাৰি দিলো। আত্মহত্যাৰ বাবেও এটি সাহস লাগে। গতিকে বজাৰৰপৰা ৰয়েল ষ্টেগৰ মদৰ বটল এটা আনি লৈছো। ভাড়া ঘৰৰ কাষতে থকা চিনাকি ফার্মাচিখনৰপৰা কেইটামান শ্লিপিং টেবলেট কিনি আনি টেবুলত ৰাখি দিলো। চকীত বহি মোৰ প্রিয় আচুচৰ লেপটপটো অন কৰিলো। লেপটপৰ স্ক্রীন জিলিকি উঠিল। স্ক্রীনত ভাঁহি উঠিল মই নিজে লেখা কবিতাৰ এটি শাৰী-‘স্বপ্নৰ মৰীচিকাৰ উচুপনিত অক্লান্ত পথিক মই’। এনে লাগিল যেন আজি সঁচাকৈয়ে জীৱন যুঁজন হাৰ মানিবলৈ বাধ্য হোৱা এজন অঘৰী পথিক। মাইক্র’ছফট ৱর্ডত গৈ ক্লিক কৰিলোঁ। অলপ পাছতে খোল খালে। লেপটপৰ বেকগ্রাউণ্ডত বাজি থাকিল কিশোৰ কুমাৰৰ দুখ ভৰা জীৱনৰ গান। মোৰ বাবে কাৰো আশান্তি নহয় তাৰ বাবে ছুইচাইড নোটখন লিখি যাও বুলি ভাবিছো। টেবুলত পৰি থকা মদৰ বটলটো খুলি গিলাছত বাকি দিলো। লগে লগে দুপেগ গিলি পেলালো। এই বন্ধ কোঠালিত আজি মোক সংগ দিছে সুৰাইচিলিং ফেনটো যিমান স্পীডত ঘুৰিছে ঠিক তেনেকৈ ৱালত লাগি থকা ঘড়ীৰ কাটাডাল ঘুৰি আছে। অলপ পাছতে মোৰ উশাহ-নিশাহ স্তব্ধ হৈ পৰিব কিন্তু ঘড়ীৰ কাটাডাল শব্দ কৰি ঘুৰিয়েই থাকিব। আজি মৃত্যুক উপভোগ কৰিম কেনে লাগে। মৃত্যুৰ এই পাৰে জিনিলো কিন্তু মৃত্যুৰ সিপাৰে কি আছে তাক চাবলৈ অন্য এক জগতলৈ গমন কৰিম।

       মৰালৈ ভয় আছে বাবে সুৰা পান কৰাকে উত্তম উপাই বুলি ভাবি আকোৱালি লৈছো। মোৰ চিন্তা-ভাবনাবোৰ আজি পুৰি ছাৰখাৰ হ’ব এই ভাড়াঘৰত। আজি সকলো মনত পৰিছে মা-দেউতাৰ অসহায় আশাবাদী মুখখন, মৰমৰ বাইদেউ আৰু ভাইটি দুটালৈ মোৰ মুত্যুৰ পাছত হয়তো মা-দেউতাই কথাটো বিশ্বাস নকৰিব। মই আহিম আহিম বুলি ঘৰৰ নঙলা মুখত আই বহু দিনলৈ বাট চাই ৰব। হয়তো দেউতাই মোৰ ম’বাইল নম্বৰটো উলিয়াই বহুদিনলৈ ডায়েল কৰি থাকিব। টেবুলত পৰি থকা ম’বাইলত ফোনৰ ফোনৰ আহি আছে। ৱাটছ এপত মেছেজৰ ওপৰত মেছেজ আহি আছে। আজি ম’বাইল ফোনটো ৰিচিভ কৰাটো প্রয়োজন অনুভৱ কৰা নাই। আজিৰ নিশা মোৰ এটাই লক্ষ্য আত্মহত্যা। এই আত্মহত্যাৰপৰা মোক কোনেও বাধা দিব নোৱাৰে। এই বন্ধ কোঠালিত মোৰ মুত্যুৰ কথা গম নোপোৱালৈকৈ ফোনটো বাজি থাকিব। ভাড়াতীয়া মালিকেও মোৰ আত্মহত্যাৰ কথা গম নাপাব। দুদিন মান ঘৰৰ দুৱাৰ বন্ধ দেখি ঘৰৰ মালিকে দুৱাৰত নক কৰি থাকিব। তাৰ পাছত দুৱাৰ ভাঙিব। পুলিচক খবৰ দিব। তাৰ পাছত ইনভেষ্টিগেছন হ’ব। খবৰটো পাই আমাৰ অসমীয়া চেনেল, বাতৰি কাকতবোৰ দৌৰিব। এক দিনৰ ভিতৰত মই জনপ্রিয় হৈ পৰিম। অচিনাকি মানুহবোৰও মোক চিনি পাব। ব্রেকিং নিউজত ওলাব-‘এজন যুৱ লেখকৰ ভাড়া ঘৰৰ বন্ধ কোঠালিত আত্মহত্যা। কোঠালিত উদ্ধাৰ হৈছে এখন ছুইচাইড নোট। দুখনমান বাতৰি কাকতৰ ফ্রন্ট পেজত ফটোৰ সতে ছুইচাইড নোটখন প্রকাশ পাব। দুদিনমান হাই-উৰমি। দিন যোৱাৰ লগে লগে এই আত্মহত্যা সকলোৱে পাহৰিব। ইমান সুৰা সেৱন কৰাৰ পাছতো আজি নিচা লগা নাই। কিয় বা। টাইপ কৰিবলৈ এৰি অলপ সময় বহি পৰিলো। মই আত্মহত্যা কৰাৰ পাছত ভাল-বেয়া পোৱা মানুহবোৰ সু-দুনাম বখানিব। হয়তো মই তেতিয়া এই পৃথিৱীত জীয়াই নাথাকিম। মোৰ বাবে অধীৰ আগ্রহৰে বাট চাই থকা প্রেমিকাবোৰৰ মনৰ কথা গম নাপাম। মোৰ লেখনিৰ বাবে আগ্রহৰে বাট চাই থকা পাঠকসকলৰ মনৰ কথা জানিব নাপাম। ফেচবুকত মোৰ ষ্টেটেটাছ পঢ়িবলৈ বা লাইকৰ বাবে ৰৈ থকা বন্ধু বান্ধৱীৰ মনৰ কথা নাজানিম। এনে বহু কথাই মই মৃত্যুৰ পাছত গম নাপাম। অৱশেষত ছুইচাইড নোটখনত শেষ সামৰণি মাৰি দিলো। মোৰ আত্মহত্যাৰ বাবে কোনো দায়ী নহয়। এইয়ো মোৰ নিজস্ব সিদান্ত। কন্ট্রোল পি টিপি প্রিন্ট দিলো। শব্দ কৰি প্রিন্টাৰৰপৰা ছুইচাইড নোটখন ওলাই আহিল। ছুইচাইড নোটখন হাতত লৈ এনে লাগিল যে আইখন এখন ছুইচাইড নোট নহয়, এটি ছুটি গল্পহে। ওচৰত পৰি থকা স্লিপিং টেবলেট উঠাব লওতে ম’বাইল ফোনটো বাজি উঠিল। দেখিলো যে এইয়া দেখোন নগেন দালালৰ ফোনকল। লগে লগে ৰিচিভ কৰিলো। নগনে সিটো মুৰৰপৰা ক’লে-‘আপুনি চাকৰিৰ বাবে পোন্ধৰ লাখ টকা দিছিলে এই সকলো পইচা ঘুৰাই পাব। কাইলৈ হোটেল ডিলেমিয়াত লগ কৰিব’। মই উচ্চ স্বৰত চিঞৰি দিলো-কি? 

       হাতত লৈ থকা স্লিপিং টেবলেট কেইটা পেলাই দিলো। আজি যি এই পোন্ধৰ লাখ টকাৰ বাবে মই নিজকে খতম কৰি দিম বুলি ভাবিছিলো কাইলৈ ঘুৰাই পাম। আচলতে হৈ যোৱা অসম লোকসেৱা আয়োগৰ চাকৰিৰ বাবে দালালৰ হাতত পোন্ধৰ লাখ টকা তুলি দিছিলো। কিন্তু চাকৰিটো নাপালো আৰু পইচাও ঘুৰাই পোৱাৰ আশা কমি গৈছিল। ইমান দিনে লাগি লাগি পইচাও ঘুৰাই নাপাম বুলি ভাবিছিলো। তাকো দেউতাই এই পইচাখিনি কেনেকৈ যোগাৰ কৰি আনিছিল এইয়াও বহু দীঘল কাহিনী আছিলইতিমধ্য এঘাৰ বাজি গ’ল। পইচাখিনি ঘুৰাই পাম বুলি জানি আত্মহত্যা কৰাটো বাতিল কৰি পেলালো। ছুইচাইড নোটখন হাতত লৈ মোহাৰি ডাষ্টবিনত পেলাই দিলো।   

See comments

To be informed of the latest articles, subscribe:
comments

Girl Gift Template by Ipietoon - Hosted by Overblog