ল’ৰালিৰ যি বয়সত কিতাপ-বহী লৈ স্কুললৈ যাব লাগে এই বয়সত পৰিয়লৰ দায়িত্ব কান্ধত তুলি লোৱা এদল শিশু পঢ়াশালিৰ পৰিৱর্তে হোটেল, ৰেষ্টুৰেণ্ট, ৰেলগাড়ীৰ প্লেটফর্ম, শিল-বালি-চিমেণ্ট ফেক্টৰী, ইটা বাতা, চাহ বাগিছা তথা বিভিন্ন কল-কাৰখানালৈ ইত্যাদি ঠাইৰ ফালে আগবাঢ়ি গৈছে। আকৌ এটি শিশুৰ দলে ৰাস্তাই ৰাস্তাই পিঠিত গধুৰ বস্তুা কঢ়িয়াই ফুটপাথৰ ডাষ্টবিনত পেলনীয়া বস্তু বিচাৰি ফুৰিছে। মাত্র জীৱন জীয়াই থকাৰ তাড়নাত। পিন্ধনত পোছাকত ফাটি যোৱা হাফপেণ্ট আৰু উৱলি যোৱা বনিয়ান। গালৰ হাড় কেইডাল ওলাই পৰিছে, চকু গাতত সোমাই পৰিছে। কাৰণ মাথো দিনে-নিশাই কৰা শাৰৰিক পৰিশ্রম। ওপৰত উল্লেখিত কথাখিনি কোনো ছবিৰ দৃশ্য নহয়। আমাৰ সমাজত মই, আপুনি দেখি থকা সচৰাচৰ বাস্তৱ ছবি। পেটৰ ভোক মাৰিবৰ বাবে জীৱনত জীয়াই থকাৰ দূর্বাৰ হেঁপাহ। ফুল কুমলীয়া বয়সত খেলা দৌৰাৰ সলনি হাতত তুলি লৈছে পৰিশ্রমৰ গধুৰ বোজা। এইয়া আমাৰ দেশৰ কৰুণ বাস্তৱতা। গোটেই বিশ্বত দেখা দিয়া অন্য এক জটিল সমস্যা হৈছে শিশু শ্রমিক।
দেশ তথা সমাজ এখনৰ বিকাশৰ প্রধান অন্তৰায় ৰূপে শিশু শ্রমিকক বিবেচিত কৰা হয়। প্রতি বছৰে ১২ জুন তাৰিখে শিশু শ্রমিক বিৰোধী দিৱস পালন কৰি আহিছে। উন্নেশ আৰু বিংশ শতিকাত ইউৰোপ, আমেৰিকা যুক্তৰাষ্ট্রৰ নিচিনা দেশত ৫ ৰপৰা ১৪ বছৰ বয়সৰ ভিতৰৰ শিশু শ্রমিক হিচাপে নিয়োজিত হোৱা দেখা গৈছিল। উন্নয়নশীল দেশৰ তুলনাত অনুন্নত দেশবোৰত শিশু শ্রমিকৰ সংখ্যা অত্যাধিক। আফ্রিকা তথা ভাৰত বর্ষৰ নিচিনা দেশত শিশু শ্রমিকৰ হাৰ অতি বেছি। বিশ্বৰ শীর্ষৰ দহ খন দেশৰ ভিতৰত শিশু শ্রমিকৰ সংখ্যা ভাৰতবর্ষত সর্বাধিক। বিশ্বৰ অনুন্নত দেশৰ প্রতি চাৰি জনৰ এজনকৈ শিশু শ্রমিক হিচাপে নিয়জিত বা কর্মৰত। আফ্রিকাৰ নিচিনা অঞ্চলবোৰত ৫০ শতাংশই ৫-১৪ বছৰ বয়সৰ শিশু শ্রমিক। বিশ্বত ২১৯ মিলিয়ন শিশু শ্রমিক আছে। ২০১৭ বর্ষৰ এক তথ্যমতে ভাৰতবর্ষত ৫-১৮ বছৰ বয়সৰ ৩৩ মিলিয়ন শিশু শ্রমিক আছে আৰু ১০.১৩ মিলিয়ন শিশু শ্রমিক ৫-১৪ বছৰ বয়সৰ। আপুনি জানেনে এখন দৰি্দ্র পৰিয়ালৰ মুঠ আয়ৰ শিশু শ্রমিক কিমান অৰিহনা যোগায়। আপুনি শুনি আচৰিত হ’ব যে এজন শিশু শ্রমিকে এটি ঘৰৰ মুঠ আয়ৰ ২৫-৪০ শতাংশ শিশু শ্রমিকৰ। এখন দেশ তথা সমাজৰ বিকাশৰ প্রধান কাৰণ হৈছে শিশু শ্রমিক। ভাৰতবর্ষৰ নিচিনা দেশত শিশু শ্রমিকৰ সৃষ্টি হোৱাৰ মূল কাৰণ হৈছে পৰিয়ালৰ দৰি্দ্রতা। যত প্রতিদিনে ভোকৰ বাবে সংগ্রাম কৰিব লগীয়া হয়। মাক-দেউতাকেও পৰিয়ালৰ উপার্জনত কিবা এটা সহায় হ’ব বুলি ভাবি জোৰ-জুলুম কৰি কামত নিয়োজিত কৰে। বেছিভাগ পৰিয়ালৰ মনোভাৱ স্কুল বা পঢ়ি শুনি কি কৰিব। তাতোকৈ উপার্জন কৰা। আকৌ ছোৱালী সন্তান মানে বোজা বুলি ভাবি শিক্ষাৰ সলনি কামত নিয়োজিত কৰে যাতে ভৱিষ্যতে কামত আহে। আকৌ আন এচামে কন্যা সন্তান বুলি কেইটা মান পইচা পোৱাৰ তুলনাত মানৱ সৰবৰাহকাৰীৰ হাতত তুলি দিয়ে। বর্তমান দিনকে দিনে ভাৰতবর্ষত শিশু সৰবৰাহৰ দৰে ঘটনা বৃদ্ধি পাই আহিছে। শিশু কল্যাণ পুঁজি(UNICEF) যি বিশ্বৰ শিশুৰ কল্যাণৰ হ’কে কাম কৰি আহিছে এক প্রতিবেদনত উল্লেখ কৰিছে যে ভাৰতবর্ষত ১৪ বছৰ বয়সৰ তলৰ শিশু শ্রমিকৰ আটাইতকৈ বেছি। ভাৰতবর্ষত ঘাইকৈ যেনে- স্কুল, শ্রেনীকোঠা আৰু শিক্ষকৰ অভাৱৰ ইত্যাদি কাৰণেই শিশু শ্রমিকৰ মূল কাৰণ বুলি উল্লেখ কৰিছে। এতিয়াও ভাৰতবর্ষৰ ৬০ শতাংশ স্কুলত বেঞ্চ-ডেস্ক আৰু ব্লেকবোর্ড নাই। প্রাথমিক স্কুলৰ প্রথম শ্রেণীৰ পৰা পঞ্চম শ্রেণীলৈ থকা স্কুলবোৰত মাত্র এজনহে শিক্ষক আছে। বিবিচি(BBC) য়ে প্রস্তুত কৰা প্রতিবেদনতে স্পষ্ট ভাবে ভাৰতবর্ষত শিক্ষা আৰু দৰি্দ্রতাকে শিশু শ্রমিকৰ মুখ্য কাৰণ বুলি উল্লেখ কৰিছে। আন্তজাতিক শ্রমিক সংন্থা(ILO)ৰ তথ্য মতে মুঠ শিশু শ্রমিকৰ ৬০ শতাংশই কৃষি ক্ষেত্রত জড়িত হৈ আছে। আন্তৰাষ্ট্রীয় খাদ্য আৰু কৃষি সংন্থাও এই একেই তথ্য দাঙি ধৰে যে মুঠ শিশু শ্রমিকৰ ৭০ শতাংশই কৃষি আৰু কৃষি সমন্ধীয় ক্ষেত্রত জড়িত হৈ আছে। দেশৰ শীর্ষৰ শিশু শ্রমিক নিয়োজিত হৈ থকা ৰাজ্য সমূহৰ ভিতৰত যেনে-বিহাৰ, উত্তৰ প্রদেশ, ৰাজস্থান, মধ্য প্রদেশ, মহাৰাষ্ট্র আৰু দিল্লী আদি। দেশৰ মুঠ শিশু শ্রমিকৰ ৩.৪ শতাংশ অসমৰ আৰু তাৰে ১.৫৮ শতাংশ চাহ বাগিচাত নিয়োজিত। কিন্তু প্রকৃততে ভাৰতবর্ষত বাস্তৱ ছবিখন চৰকাৰী তথ্য, পদক্ষেপ আৰু বিজ্ঞাপনতকৈও অধিক ভয়াবহ হৈ উঠিছে।
শিশু শ্রমিক বন্ধ কৰিবৰ বাবে আমাৰ দেশত বহুতো আইনৰ বিধি-ব্যৱস্থা প্রণয়ন কৰা হৈছে যেনে- শিশু শ্রমিক-১৯৮৬ আইন আৰু দি মাইন এক্ট-১৯৫২ মতে ১৪ বছৰ বয়সৰ তলৰ শিশুক কোনো কামতে নিয়োজিত কৰিব নোৱাৰে, ফেক্টৰী এক্ট-১৯৪৮ মতে ১৪ বয়সৰ তলৰ শিশুক কামত নিয়োগ কৰাটো দণ্ডনীয় হোৱাৰ লগতে ১৫-১৮ বছৰ বয়সৰ ল’ৰা-ছোৱালীৰ ক্ষেত্রতো কিছুমান নীতি-নিয়ম বান্ধি দিছে, শিক্ষাৰ ২০০৯ বর্ষৰ এক্ট মতে ৬-১৪ বছৰৰ সকলো শিশুক বিনামূল্য শিক্ষা প্রদান আৰু বেচৰকাৰী স্কুলত ২৫ শতাংশ দৰি্দ্র পৰিয়ালৰ বাবে সংৰক্ষণ, জুভিনাইল জাষ্টিছ ২০১৫ এক্ট মতে জোৰ-জুলুম কৰি শিশুক শ্রমিক হিচাপে নিয়োজিত কৰাটো দণ্ডনীয় আৰু কাৰাবাস খাটিব লাগিব ইত্যাদি। আমাৰ দেশত শিশু শ্রমিক বন্ধ কৰিবৰ বাবে বিভিন্ন আইন প্রৱর্তন কৰাৰ লগতেই শিক্ষাৰ পৰা আদি কৰি বিভিন্ন আঁচনি হাতত লৈছে। ১৯৮৭ চনতেই ৯-১৪ বছৰৰ বয়সৰ শিশুৰ বাবে ‘ৰাষ্ট্রীয় শিশু শ্রমিক আঁচনি’ নামেৰে এক আঁচনি প্রস্তুত কৰে। ইয়াৰ উপৰিও ওপৰত উল্লেখিত আইনৰ আধাৰত বিভিন্ন ধৰণৰ পদক্ষেপ গ্রহণ কৰিছে। বিভিন্ন বেচকাৰী সংন্থা যেনে- বচপন বচাও আন্দোলন, চাইল্ড ফাণ্ড, কেয়াৰ ইণ্ডিয়া, টলাছ এছোছিয়েচন, চাইল্ড ৰাইট এণ্ড ইউ, গ্লবেল মার্চ এগেনছত চাইল্ড লেৱাৰ, ৰাইট ইণ্ডিয়া, চাইল্ড লাইন ইত্যাদি সংগঠনে শিশু শ্রমিক নির্মূলৰ বাবে বিভিন্ন দিশত সহায়-সহযোগিতা আগবঢ়াই আহিছে। কিন্তু আমাৰ মানসিকতা আৰু মনোভাৱ সলনি কৰা উচিত। কাৰণ এতিয়াও বিনামূল্য শিক্ষাদান পালেও বহু মাক-বাপেকে নিজৰ ল’ৰা-ছোৱালীক স্কুলৰ পৰিৱর্তে কাম কৰিবলৈ পঠিয়ায়। গতিকে এনেবোৰ অঞ্চলত শিক্ষাৰ লগতে বিভিন্ন সজাগতা মূলক শিবিৰৰ খুবেই প্রয়োজন হৈছে। গতিকে তাৰ বাবে সকলোৱে একেলগে আগবাঢ়ি আহিব লাগিব আৰু শিশু শ্রমিক বন্ধ কৰিব লাগিব। তেতিয়াহে এখন দেশ তথা সমাজ উন্নয়নৰ পথত গতি কৰিব। কাৰণ আজিৰ শিশু ভৱিষ্যতৰ নাগৰিক।